গোলাঘাটৰ ফৰকাটিং ৰেল ষ্টেচনত বিক্ষোভ কাৰ্যসূচী ছাত্ৰ সংগঠনৰ
গোলাঘাট, ০২মাৰ্চ (হি.স.)। পথ মুকলি কৰি দিয়াৰ দাবীত বিক্ষোভ কাৰ্যসূচী গোলাঘাটৰ ফৰকাটিং ৰেল ষ্টেচনত। দীৰ্ঘ দিনৰ পৰা ফৰকাটিং জংচনৰ ৰেল আলিৰ মাজেৰে গোলাঘাট মেৰাপানী সংযোগী পথত ৰেল গেট বন্ধ কৰি দিয়াৰ ফলত ব্যৱসায়ী তথা স্থানীয় ৰাইজৰ যি সমস্যা সৃষ্টি হৈছ
গোলাঘাটৰ ফৰকাটিং ৰেল ষ্টেচনত বিক্ষোভ কাৰ্যসূচী ছাত্ৰ সংগঠনৰ


গোলাঘাট, ০২মাৰ্চ (হি.স.)। পথ মুকলি কৰি দিয়াৰ দাবীত বিক্ষোভ কাৰ্যসূচী গোলাঘাটৰ ফৰকাটিং ৰেল ষ্টেচনত। দীৰ্ঘ দিনৰ পৰা ফৰকাটিং জংচনৰ ৰেল আলিৰ মাজেৰে গোলাঘাট মেৰাপানী সংযোগী পথত ৰেল গেট বন্ধ কৰি দিয়াৰ ফলত ব্যৱসায়ী তথা স্থানীয় ৰাইজৰ যি সমস্যা সৃষ্টি হৈছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ দল সংগঠনৰ লগতে স্থানীয় লোক সকলে বিভিন্ন সময়ত ৰেল কতৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰি অহা স্বতেও ৰেল গেট খন খুলি নিদিয়াত আজি পুনৰ ফৰকাটিং আঞ্চলিক ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

২৪ ঘন্টাৰ ভিতৰত গেট খন খুলি পথটো মুকলি কৰি দিবলৈ দাবী জনাই আছু সহ অঞ্চলটোৰ বিভিন্ন ছাত্ৰ সংগঠনে। অন্যথা ভয়াবহ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande