
তামুলপুৰ, ০২মাৰ্চ (হি.স.)। আধ্যাত্মিকতাৰ সুবাসেৰে মতলীয়া এতিয়া তামুলপুৰৰ বৰবেলবাৰী। ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথ থানৰ ৫৬৯ তম বাৰ্ষিক সৱাহ মহোৎসৱৰ আজি দ্বিতীয়টো দিন। আজিৰ দিনটোত এক বিশেষ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়, য’ত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
ভক্তি আৰু বিশ্বাসৰ অপূৰ্ব মিলনভূমি তামুলপুৰৰ বৰবেলবাৰী। ৫৬৯ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰীশ্ৰী জগন্নাথ থানৰ বাৰ্ষিক সৱাহ মহোৎসৱ। আজি মহোৎসৱৰ দ্বিতীয় দিনা উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অধ্যক্ষ গৰাকীয়ে মহাপ্ৰভু জগন্নাথৰ চৰণত আঁঠু লৈ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে মন্দিৰ প্ৰাংগণত চলি থকা পবিত্ৰ হোম-যজ্ঞতো অংশগ্ৰহণ কৰে।
ধূপ-ধূনা আৰু বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজত এক ভক্তি গম্ভীৰ পৰিৱেশত বিলীন হৈ পৰে অধ্যক্ষ গৰাকী। উল্লেখ্য যে, ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই তিনিদিনীয়া মহোৎসৱত ভাগৱত পাঠ, দিহা নাম আৰু নাগাৰা নামৰ লগতে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী অব্যাহত আছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আধ্যাত্মিকতাৰ গুৰুত্ব ব্যাখ্যা কৰি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে-- আধ্যাত্মিকতাই মানুহৰ মনত শান্তি আৰু সমাজত একতাৰ ভাব গঢ়ি তোলে; ধৰ্মীয় অনুষ্ঠানবোৰে আমাক নীতি-শিক্ষাৰ লগতে সমাজ খনক সুশৃংখল কৰি ৰখাত সহায় কৰে।
উল্লেখ্য যে, কাইলৈ অৰ্থাৎ ৩ মাৰ্চত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা আৰু নিশা সাংস্কৃতিক অনুষ্ঠানেৰে এই মহোৎসৱৰ সামৰণি পৰিব। বৰবেলবাৰীৰ এই সৱাহ মহোৎসৱে এতিয়া এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ তামুলপুৰ জিলাতে।
ভক্তিৰ এই নিজৰাই সমাজত শান্তি-সম্প্ৰীতি কঢ়িয়াই আনক, তাকেই কামনা কৰিছে উদ্যোক্তা তথা ভক্তপ্ৰাণ ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা