ট্ৰেক্টৰৰ ফালত সোমাই শিশুৰ মৃত্যু
ট্ৰেক্টৰৰ ফালত সোমাই মৃত্যু এটা শিশু।
ট্ৰেক্টৰৰ ফালত সোমাই শিশুৰ মৃত্যু


নগাঁও, ০২ মাৰ্চ (হি.স.): ট্ৰেক্টৰৰ ফালত সোমাই মৃত্যু মুখত পৰে এটা শিশু। চামগুৰিৰ শিয়ালেখাইটিত যোৱা কালি দেওবাৰে বিয়লি সংঘটিত হয় এই শোকাৱহ ঘটনা।

পাৱাৰটিলাৰ ফালত সোমাই মৃত্যু হোৱা শিশুটিৰ নাম ছাইফুল ইছলাম বুলি জানিব পৰা গৈছে। ইঞ্জিন চলি থকা অৱস্থাত ৰখাই থোৱা পাৱাৰটিলা চলাবলৈ গৈ মৃত্যুক আঁকোৱালি লয় ছাইফুলে। ১১ বছৰীয়া ছাইফুলক হেৰুৱাই এতিয়া পৰিয়ালটোত কান্দোনৰ ৰোল উঠিছে। ঘটনা স্থলীত উপস্থিত শিৱস্থান আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande