
নলবাৰী, ০২ মাৰ্চ (হি.স.): নলবাৰী জিলাৰ মুকলামুৱা হামলাকুৰত যোৱা কালি দেওবাৰে বিয়লি পথ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ মৃত্যু হয়। বুলেট আৰু ইটা ভৰ্টি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো ঘটে।
জানিব পৰা মতে একেখন বুলেটত তিনিজনকৈ যুৱক আহি আছিল বিপৰিত ফালৰ পৰা । এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে জ্বলাই দিয়ে ইটা ভৰ্তি ট্ৰাকখন। মৃত যুৱক দুজন বালিকুজি আছিক আলী (১৮) আৰু ইনজামুল হক (১৯) । ইফালে চাহআলম (১৯) নামৰ যুৱকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি ৰাইজে জানিব দিয়ে । বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰ আছিল ইনজামামুল হক। আনহাতে আছিক আলীয়ে এইবাৰ হামলাকুৰ বালিকুচি চকিৰঘাট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ