
বাক্সা, ০২ মাৰ্চ (হি.স.): বাক্সাৰ বৰমাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । অচিনাক্ত চাৰিচকীয়া বাহনৰ খুন্দাত নিহত হয় এগৰাকী লোক। নিহত লোকজনৰ নাম বিচিত্ৰ কলিতা বুলি পৰিচয় পোৱা গৈছে ।
নলবাৰীৰ বৰঝাৰত ঘৰ লোকজনৰ । চুলি- দাঢ়ি কাটিবলৈ অহাৰ সময়তে বৰমাৰ পূৱচ'কত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো । ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত হৈ লোকজনক ততাতৈয়াকৈ বৰমা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও লোকজনক মৃত ঘোষণা কৰে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয় লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ