দেশ-বিদেশৰ পৰ্যটকৰ বাবে কাজিৰঙাত কাইলৈ মুকলি হব প্ৰথমখন চৰকাৰী অৰ্কিড পাৰ্ক
গোলাঘাট, ০২ মাৰ্চ (হি.স.)। দেশ-বিদেশৰ পৰ্যটকৰ বাবে কাজিৰঙাত কাইলৈ মুকলি হব প্ৰথমখন চৰকাৰী অৰ্কিড পাৰ্ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰ্যটকৰ বাবে উদ্যান খনৰ দ্বাৰ মুকলি কৰিব । কাজিৰঙাৰ কহঁৰাত প্ৰায় ২০ বিঘা মাটিত উদ্যান শস্য বিভাগৰ উদ্যোগত নিৰ্ম
দেশ-বিদেশৰ পৰ্যটকৰ বাবে কাজিৰঙাত কাইলৈ মুকলি হব প্ৰথমখন চৰকাৰী অৰ্কিড পাৰ্ক


গোলাঘাট, ০২ মাৰ্চ (হি.স.)। দেশ-বিদেশৰ পৰ্যটকৰ বাবে কাজিৰঙাত কাইলৈ মুকলি হব প্ৰথমখন চৰকাৰী অৰ্কিড পাৰ্ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰ্যটকৰ বাবে উদ্যান খনৰ দ্বাৰ মুকলি কৰিব । কাজিৰঙাৰ কহঁৰাত প্ৰায় ২০ বিঘা মাটিত উদ্যান শস্য বিভাগৰ উদ্যোগত নিৰ্মাণ সম্পূৰ্ণ

হৈছে এই অৰ্কিড পাৰ্কৰ।

উদ্যান মুকলিৰ পূৰ্বে শেষবাৰৰ বাবে প্ৰস্তুতিৰ বুজ লবলৈ উপস্থিত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা। দেশ বিদেশৰ পৰ্যটকৰ বাবে উদ্যান খন অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব বুলি মন্তব্য অতুল বৰাৰ। দেশৰ ভিতৰতে এইখন বৃহৎ ইন্ট্ৰিগেটেড অৰ্কিড পাৰ্ক যত ৬৫০ ত কৈয়ো অধিক অৰ্কিড পৰ্যটকে দৰ্শন কৰিব পাৰিব। লগতে থলুৱা খাদ্য,বস্ত্ৰৰ বিপনী পৰ্যটকৰ বাবে উপলব্ধ হব বুলি মন্তব্য অতুল বৰাৰ।

উল্লেখ্যে যে ২০২০ চনৰ ১৬ জুলাইত অৰ্কিড পাৰ্ক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কিন্তু অৰ্কিড পাৰ্ক নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছিল। উল্লেখ্যে যে এই প্ৰকল্পৰ বাবে নিৰ্ধাৰিত হৈছিল ১৬ কোটিকৈ টকা। ডাৰ্জিলিং গাৰ্ডেন নামৰ এটা কোম্পানীয়ে চৰকাৰী অৰ্কিড পাৰ্ক নিৰ্মাণৰ কাম কৰিছে। দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ হব বুলি আশাবাদী সকলো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande