
কোকৰাঝাৰ, ০২ মাৰ্চ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ খোৰাঘাটত যোৱা কালি দেওবাৰে সন্ধিয়া ৰে'লৰ খুন্দাত গুৰুতৰ ভাবে আহত হয় এজন যুৱক।গুৱাহাটী অভিমুখী মালবাহী ৰে'লৰ খুন্দাত আহত হয় যুৱকজন।
আহত যুৱক জনক সংকটঃজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ৰে'ল লাইন অতিক্ৰম কৰোঁতে এই দুৰ্ঘটনা সংঘটিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ