
বঙাইগাঁও, ০২ মাৰ্চ (হি.স.)। যোগীঘোপাত কালি সন্ধিয়া নৱ নিৰ্মিত নামঘৰ উদ্ধোধন কৰা হয় । যোগীঘোপাৰ কুমাৰকাটা নামঘৰৰ নৱ নিৰ্মিত গৃহটো উদ্ধোধন কৰে বিশিষ্ট সমাজ সেৱক তথা বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰুদ্ৰ কুমাৰ পাঠকে । উদ্ধোধনী অনুষ্ঠানৰ পুৰ্বে নাম কীৰ্তনৰে মুখৰিত কৰে স্থানীয় মহিলা তথা যুৱতী সকলে ।
কুমাৰকাটা গাঁৱৰ নামঘৰ নিৰ্মাণত অৰিহণা যোগায় ৰুদ্ৰ কুমাৰ পাঠকে । গাওঁখনৰ সৰ্বোতো প্ৰকাৰে উন্নয়নৰ বাবে সদায় কাম কৰি অহা ৰুদ্ৰ কুমাৰ পাঠকক গাওঁ খনৰ ৰাইজে উষ্ম আদৰণি জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ