
বৰপেটা, ০২ মাৰ্চ (হি.স.): বৰপেটা জিলাৰ চৰাঞ্চলৰ বিভিন্ন খেতি পথাৰ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জলাশয় সমূহত দেখা পোৱা গৈছে় জাক জাক পৰিভ্ৰমী চৰাইৰ লগতে বগলী । খেতি চহাৰ পিছতে জাক জাক বগলী আহি তেনে খেতি পথাৰত আহাৰ সংগ্ৰহ কৰে। তদুপৰি চৰাঞ্চলৰ খাল বিল আৰু জলাশয়সমূহত দেখা পোৱা যায় বিভিন্ন প্ৰজাতিৰ চৰাই।
এই জলাশয়সমূহত বিশেষকৈ শামুককোচা (শামুকভঙা) চৰাইৰ লগতে বিভিন্ন প্ৰজাতিৰ হাঁহ খাদ্য সংগ্ৰহৰ বাবে জলাশয় সমূহত। পুৱাৰ ভাগত এনে শ শ বগলী আৰু পৰিভ্ৰমী চৰাইৰে ভৰি পৰে খেতি পথাৰ আৰু জলাশয়সমূহ। অৱশ্যে পূৰ্বৰ তুলনা হ্ৰাস পাইছে এনে পৰিভ্ৰমী চৰাই তথা বগলীৰ আহ যাহ। এয়া পৰিৱেসৰ দিশত এক চিন্তনীয় বিষয় হৈ পৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ