ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ ক্ষতিসাধন দুষ্কৃতিকাৰীৰ
কামৰূপ, ০২মাৰ্চ (হি.স.)। দুষ্কৃতিকাৰীৰ ৰম্য ভূমিত পৰিণত ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত । পঞ্চায়ত খনৰ অন্তৰ্গত তৰণী ,তুলসীবাৰীকে ধৰি বিভিন্ন স্থানত চুৰি ডকাইটিৰ ঘটনাই সন্ত্ৰষ্ট কৰি অহাৰ সময়তে আৰিমত্ত- বৈদ্যগড় গাওঁ পঞ্চায়তৰ কাৰ্যালয়টোত
ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ ক্ষতিসাধন দুষ্কৃতিকাৰীৰ


কামৰূপ, ০২মাৰ্চ (হি.স.)। দুষ্কৃতিকাৰীৰ ৰম্য ভূমিত পৰিণত ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত । পঞ্চায়ত খনৰ অন্তৰ্গত তৰণী ,তুলসীবাৰীকে ধৰি বিভিন্ন স্থানত চুৰি ডকাইটিৰ ঘটনাই সন্ত্ৰষ্ট কৰি অহাৰ সময়তে আৰিমত্ত- বৈদ্যগড় গাওঁ পঞ্চায়তৰ কাৰ্যালয়টোত যোৱা নিশা দুৰ্বৃত্তৰ তাণ্ডৱ। নিশাৰ অন্ধকাৰত দুৰ্বৃত্তই কাৰ্যালয়ত প্ৰৱেশ কৰি বৈদ্যুতিক বাল্ব,তাৰ আদিৰ ক্ষতিসাধন কৰে।

সৌভাগ্যক্ৰমে কাৰ্যালয়টোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকে দুষ্কৃতিকাৰী ।ফলত গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা পৰে ।আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ কৰ্মচাৰী উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি হৈ চৈ লগাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পঞ্চায়ত সভাপতি গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande