
কামৰূপ, ০২ মাৰ্চ (হি.স.): অধিকাৰৰ দাবীৰে দুটা ভাগত বিভক্ত হৈ পৰিছে ৰাভা হাছঙৰ লোক সকল ৷ নিখিল ৰাভা জাতীয় পৰিষদৰ বৰদুৱাৰ বাগানৰ জাৰাপাতা খেলপথাৰত যোৱা কালি দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা অভিবৰ্তনত স্পষ্ট হ’ল দুটা ভাগত বিভাজিত হোৱাৰ ছবি ৷ জনজাতীয় লোক সকলৰ অধিকাৰ ষষ্ঠ অনুসূচিৰ দাবীৰে নিখিল ৰাভা জাতীয় পৰিষদে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ তাৰ বিপৰীতে টংকেশ্বৰ ৰাভাৰ নেতৃত্বত পৰিচালিত একাংশ দল সংগঠনে চৰকাৰৰ বহতীয়া হিছাপে কাম কৰি আহিছে ৷
ইফালে টংকেশ্বৰ ৰাভাক ৰাভা লোক সকলে গাখীৰ খুৱাই সাপ পুহিছিল বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ কথামতে ৰাভা লোক সকল পৰিচালিত নহও বুলিও মন্তব্য কৰে ৷ জনজাতীয় আবেষ্টনীত চেটেলাইট টাউনচিপ্ নিৰ্মান আৰু কুলশী নদীত বান্ধ নিৰ্মাণ কৰিব বিছৰা বিজেপি চৰকাৰক সমাগত বিধানসভা নিৰ্বাচনত ভোট নিদিয়ে বুলিও এই অভিবৰ্তনতে হুংকাৰ দিলে ৰাভা হাছং বাসীয়ে ৷ জাতীৰ শত্ৰু বুলি অভিহিত কৰি টংকেশ্বৰ ৰাভা, ৰাভা হাছঙৰ মালিক নহয় বুলিও মন্তব্য কৰে লোক সকলে ৷
আনহাতে এই সকল লোকে অনাগত সময়ত বিজেপি চৰকাৰৰ বিৰোধীতা কৰিলেও টংকেশ্বৰ ৰাভাৰ নেতৃত্বত একাংশই বৰ্তমানেও আছে চৰকাৰৰ পক্ষত ৷ ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে, এইবাৰ দুটা ভাগত বিভক্ত হৈ পৰিছে ৰাভা হাছং বাসী ৷ সিঘ্ৰেই যদিহে ৰাভা হাছং বাসীক ষষ্ঠ অনুসূচি প্ৰদান নকৰে আৰু চেটেলাইট টাউনচিপ্ তথা কুলশীৰ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্ত বাতিল নকৰে তেতিয়া হ’লে সমাগত বিধানসভা নিৰ্বাচনত শাসকীয় দলটোৱে ৰাভা হাছং বাসীৰ পৰা এসেকা যে পাব সেয়া স্পষ্ট হৈ পৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ