
দৰং, ০২ মাৰ্চ (হি.স.)। দৰং জিলাৰ জিলা আয়ুক্ত পূবালী গোহাঁয়ে জাৰি কৰা এক আদেশ অনুসৰি ‘দৌল যাত্ৰা’ উৎসৱৰ উপলক্ষে ৪ মাৰ্চ, ২০২৬ (বুধবাৰ) তাৰিখে দৰং জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। এই ঘোষণা ১৮৮১ চনৰ এন আই আইনৰ বিধান অনুসৰি জাৰি কৰা হৈছে।
অৱশ্যে পৰীক্ষাৰ দায়িত্বত নিয়োজিত বিষয়া, কৰ্মচাৰী আৰু শিক্ষকসকল অথবা অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। সংশ্লিষ্ট সকলো চৰকাৰী বিভাগক ৪ মাৰ্চ তাৰিখে যদি কোনো জৰুৰী বিষয় থাকে, তেন্তে সেয়া যাতে যথাযথভাৱে নিষ্পত্তি কৰা হয় তাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী