
শ্ৰীনগৰ, ০২ মাৰ্চ (হি.স.)। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ বিৰুদ্ধে সোমবাৰেও দ্বিতীয় দিনৰ বাবে কাশ্মীৰৰ কেইবাটাও স্থানত প্ৰতিবাদ অব্যাহত আছে। নিৰাপত্তা বাহিনীয়ে মৃদু শক্তি প্ৰয়োগ কৰি কিছু অঞ্চলত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াই। লাল চ’কৰ আইকনিক ঘড়ী টাৱাৰটো বেৰিকেডেৰে ছীল কৰা হৈছে।
বিষয়াসকলৰ মতে, চহৰখনৰ বেমিনা, গুণ্ড হাছিভাট আৰু জাহাংগীৰ চক অঞ্চলৰ লগতে দক্ষিণ কাশ্মীৰৰ পুলৱামা চহৰতো প্ৰতিবাদৰ সৃষ্টি হয়। বৃহৎ ছিয়া জনসংখ্যা থকা এই অঞ্চলসমূহত প্ৰতিবাদকাৰীসকলে একত্ৰিত হৈ ৰাজপথৰ মাজেৰে আমেৰিকা বিৰোধী আৰু ইজৰাইল বিৰোধী শ্লোগানেৰে সমদল উলিয়াইছিল। একাংশ অঞ্চলত নিৰাপত্তা বাহিনীয়ে মৃদু শক্তি প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলগীয়া হৈছিল। ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত আৰু আইন-শৃংখলা বজাই ৰখাৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ব্যক্তিগত বিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষাও পিছুৱাই দিয়া হৈছে।
প্ৰতিবাদকাৰীৰ সমাগম ৰোধ কৰিবলৈ সমগ্ৰ মহানগৰীত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক চি আৰ পি এফ জোৱান মোতায়েন কৰা হয়। লাল চক, চাইদা কদল, বুডগাম, বান্দিপোৰা, অনন্তনাগ, আৰু পুলৱামাত বৃহৎ পৰিসৰৰ বিক্ষোভ অনুষ্ঠিত হয়। প্ৰতিবাদকাৰীয়ে আমেৰিকা আৰু ইজৰাইল বিৰোধী শ্লোগান দি বুকুত কোবাই থকা দেখা গৈছিল। বিষয়াসকলে কয় যে আইন-শৃংখলা বজাই ৰখাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেওঁলোকে কয় যে চহৰখনত প্ৰৱেশ কৰা মূল ছেক্সনত কাঁইটীয়া তাঁৰ আৰু বেৰিকেড স্থাপন কৰা হৈছে।
শনিবাৰে পুৱা ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত নিহত হয় খামেনেই। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে দেওবাৰে তেওঁৰ মৃত্যু নিশ্চিত কৰে। ইৰাণে প্ৰতিশোধৰ স্বাৰ্থত ইজৰাইল আৰু আৰব দেশলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া