ইউপিপিএল দলৰ উপ-সভাপতি খাম্পা বৰগয়াৰীৰ দলত্যাগ
ইউপিপিএল দলৰ উপ-সভাপতি খাম্পা বৰগয়াৰী দলত্যাগ ।
ইউপিপিএল দলৰ উপ-সভাপতি খাম্পা বৰগয়াৰী দলত্যাগ ।


কোকৰাঝাৰ, ০২ মাৰ্চ (হি.স.): ইউপিপিএল দলৰ উপ-সভাপতি খাম্পা বৰগয়াৰীয়ে দলত্যাগ কৰিছে। তেওঁ পুনৰাই যোগদান কৰিব বিপিএফত ৷ আজি অৰ্থাৎ সোমবাৰে চিৰাং জিলাৰ কাজলগাঁৱত আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিব খাম্পা বৰগয়াৰীয়ে ।

ইপিনে পদত্যাগৰ পিছত সংবাদমাধ্যমৰ আগত খাম্পা বৰগয়াৰীয়ে কয় যে হাতত অস্ত্ৰ লৈ সংগ্ৰাম কৰি বিটিচি গঠন কৰিলো । নিজৰ জাতীয় সমস্যা, নিজৰ ভাষা,সংস্কৃতি, উন্নয়ন পুৰণ কৰাৰ ক্ষেত্ৰত বিপিএফ আঞ্চলিক দল শ্ৰেষ্ঠ । বিভিন্ন কাৰণত হাগ্ৰামা মহিলাৰীৰ পৰা তেওঁলোক কেইজন আঁতৰি গৈছিল । আৰু এতিয়া উপলদ্ধি কৰিছে যে কাম কৰাৰ মৰ্যদা বিপিএফ দলত আছে । হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ আহ্বানমৰ্মে পুনৰাই বিপিএফ দললৈ ঘূৰি আহিছে বুলি ব্যক্ত কৰে খাম্পা বৰগয়াৰীয়ে।পৰ্যায়ক্ৰমে তেওঁৰ সতে ওলাই যোৱা কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝোৰা, কাজলগাঁও, বিজনী, চিৰাঙৰ পৰাও নেতা-কৰ্মীসকল বিপিএফ দলত যোগদান কৰিব বুলি সদৰী কৰিছে খাম্পা বৰগয়াৰীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande