আজি গহপুৰ, ৰঙানদী, বিহপুৰীয়া আৰু নাওবৈচাত উপস্থিত হ'ব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা
গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জন আশীৰ্বাদ যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ৰ গহপুৰ, ৰঙানদী, বিহপুৰীয়া, আৰু নাওবৈচাবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। বিগত দুদিনত এই যাত্ৰাই অভূতপূৰ্ব মৰম, শ্ৰদ্ধা, জনসাধাৰণৰ অংশগ
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জন আশীৰ্বাদ যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ৰ গহপুৰ, ৰঙানদী, বিহপুৰীয়া, আৰু নাওবৈচাবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

বিগত দুদিনত এই যাত্ৰাই অভূতপূৰ্ব মৰম, শ্ৰদ্ধা, জনসাধাৰণৰ অংশগ্ৰহণ লাভ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে একে উদ্যম আৰু শক্তিৰে আজি তেওঁ এই অঞ্চলসমূহৰ বাবে ৰাওনা হৈছে আৰু ৰাইজৰ কাষ চাপিব আৰু তেওঁলোকৰ আশীৰ্বাদ বিচাৰিব।

ড০ শৰ্মাই কয় যে জন আশীৰ্বাদ যাত্ৰাই লাভ কৰা ব্যাপক সমৰ্থন জন বিশ্বাসৰ প্ৰতীক। এই ক্ৰমবৰ্ধমান সমৰ্থন আৰু উৎসাহ বজাই ৰাখিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande