

নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ইৰাণ, ইজৰাইল, আমেৰিকাৰ সংঘাতৰ ফলত মধ্যপ্ৰাচ্যত যি বিশৃংখলতা সৃষ্টি হৈছে, সেয়া বিশ্বজুৰি অনুভৱ কৰা হৈছে। এই পৰিস্থিতিয়ে বিমান সেৱাতো প্ৰভাৱ পেলাইছে। এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’কে ধৰি কেইবাটাও বিমান সংস্থাই বাতিল কৰিছে বিমান সেৱা। ইয়াৰ এদিন পূৰ্বে ১১খন দেশৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে দেওবাৰে ভাৰতত ৩৫০খন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰা হৈছিল।
সোমবাৰে এক্সত প্ৰকাশ কৰা এক বিবৃতিত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আই জি আই) বিমানবন্দৰে লিখিছে, “মধ্যপ্ৰাচ্যৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ বাবে পশ্চিমলৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত ব্যাঘাত আৰু পুনৰ নিৰ্ধাৰণৰ সন্মুখীন হৈছে।” অসংখ্য বিমান বাতিলৰ বাবে আই জি আই বিমানবন্দৰত আবদ্ধ হৈ আছে যাত্ৰীসকল। ইফালে মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেইবাখনো বিমান বাতিলৰ বাবে যাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হৈছে।
অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়াই মধ্যপ্ৰাচ্যৰ সকলো গন্তব্যস্থানলৈ বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে। এক্সৰ ওপৰত জাৰি কৰা এক পৰামৰ্শত বিমান সংস্থাটোৱে কয় যে যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা সৰ্বোচ্চ। ইণ্ডিগোৱে মধ্যপ্ৰাচ্যলৈ যোৱা সকলো বিমান বাতিল কৰিছে মাজনিশা ১২ বজালৈ। চলি থকা আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে ২ আৰু ৩ মাৰ্চত মুঠ ২০৩খন ইণ্ডিগ’ বিমান বাতিল কৰা হৈছিল। কোম্পানীটোৱে ইয়াক সতৰ্কতামূলক ব্যৱস্থা বুলি অভিহিত কৰে।
ইৰাণ-ইজৰাইল যুদ্ধৰ বাবে ১১খন দেশৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে দেওবাৰে ভাৰতত ৩৫০খন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰা হয়। মুম্বাই বিমানবন্দৰত ১২৫খন আৰু দিল্লী বিমানবন্দৰত ১০০খন বিমান বাতিল কৰা হয়। অমৃতসৰ বিমানবন্দৰতো দহখন বিমান বাতিল কৰা হয়, য’ত কাটাৰ এয়াৰৱেজ, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, স্পাইচজেট, ইণ্ডিগ’ৰ বিমান সেৱাও আছিল ডুবাই, দোহা, আৰু শ্বাৰজাহ পথত। দেশৰ আন কেইবাখনো চহৰৰ পৰাও বিমান সেৱা বাতিল কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া