
গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই উত্তৰ-পূৰ্বাঞ্চল আৰু তাৰ আশে-পাশে থকা অঞ্চলসমূহত ৰে’ল সংযোগৰ উন্নতকৰণ, যাত্ৰী সুবিধা বৃদ্ধি লগতে পৰিচালনগত আন্তঃগাঁথনি মজবুত কৰাৰ দিশত নিজৰ দায়বদ্ধতাক অব্যাহত ৰাখিছে। শেহতীয়াকৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ভিতৰত আন্তঃগাঁথনিৰ উন্নয়ন আৰু ডেমু ৰেকসমূহৰ বৃদ্ধিৰ জৰিয়তে অঞ্চলটোত বিস্তৃত আৰ্থ-সামাজিক সুবিধা প্ৰদান কৰিব।
এক গুৰুত্বপূৰ্ণ উন্নয়নৰ দিশত, নিউ বঙাইগাঁও কেৰেজ এণ্ড ৱাগন ৱৰ্কশ্বপৰ নিৰ্মিত নৱনিৰ্মিত ডেমু শ্বেডত লোড বক্স টেষ্টিং সুবিধা আৰম্ভ কৰা হৈছে । ৱৰ্কশ্বপটোত প্ৰয়োজনীয় বৈদ্যুতিক নৱীকৰণ সম্পন্ন কৰা হৈছে, য'ত কেবল এক্সটেনচন প্ৰদান আৰু অতিৰিক্ত পেনেল স্থাপন কৰি নতুন শ্বেডৰ ভিতৰতেই লোড বক্স টেষ্টিং কৰিব পৰা যাব। এই আধুনিক পদ্ধতিয়ে পৰীক্ষণ কাম কাজৰ বাবে সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰি তুলিব।
এই সুবিধা আৰম্ভ হোৱাৰ ফলত, ডেমু ৰেকসমূহৰ ড্ৰাইভিং পাৱাৰ কাৰ (ডিপিচি) সমূহ এতিয়া একেটা শ্বেডতে পৰীক্ষণ কৰা হ'ব, যাৰ ফলত পূৰ্বে লোড বক্স পৰীক্ষাৰ বাবে এইসমূহ অন্য স্থানলৈ হস্থান্তৰ কৰিব লাগিছিল যদিও এতিয়া সেই প্ৰথাৰ অন্ত পৰিল । ইয়াৰ ফলত অনাৱশ্যক শ্বাণ্টিং পৰিচালন হ্ৰাস পায় লগতে স্থানান্তৰৰ সময়ৰ অপচয় কমিছে আৰু মানৱ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ হৈছে। এই পদক্ষেপে কামকাজৰ ধাৰাক যথেষ্ট সুগম কৰি তুলিছে, যাৰ ফলত ডেমু ৰেকৰ দ্ৰুত টাৰ্ন এৰাউণ্ড আৰু পৰিচালন ক্ষমতা বৃদ্ধি পাইছে।
একেদৰে, উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে, বিশেষকৈ চমু দূৰত্ব আৰু উপকণ্ঠীয় এলেকাত ডেমু ৰেকৰ সংখ্যা বৃদ্ধি আৰু ৰক্ষণাবেক্ষণৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে । উন্নত ৰক্ষণাবেক্ষণ ক্ষমতা আৰু পৰীক্ষণ আন্তঃগাঁথনিয়ে ডেমু সেৱাৰ অধিক উপলব্ধতা, উন্নত নিৰ্ভৰযোগ্যতা আৰু উত্তম সময়ানুবৰ্তিতা নিশ্চিত কৰি তুলিব।
এই পদক্ষেপসমূহৰ বিস্তৃত সুবিধাই ৰেলৱে পৰিচালনাত সীমাবদ্ধ নহয়। উন্নত ডেমুৰ উপলব্ধতাই অসম তথা অন্যান্য উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ দৈনিক যাতায়াতকাৰী, ছাত্ৰ-ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী আৰু কাৰ্যালয়মূখী লোকসকলে প্ৰত্যক্ষভাৱে উপকৃত হ’ব ।
উন্নত সংযোগ ব্যৱস্থায়ী আঞ্চলিক, অৰ্থনীতিৰ সমৃদ্ধিত অৱদান যোগাইছে লগতে বজাৰ, স্বাস্থ্যসেৱা আৰু শিক্ষানুষ্ঠানলৈ সহজ প্ৰৱেশাধিকাৰ সুবিধা প্ৰদান কৰি তুলিছে আৰু দূৰৱৰ্তী তথা অৰ্ধ-নগৰীয়া অঞ্চলসমূহক মূখ্য জংচনসমূহৰ সৈতে সংযোগ কৰি শক্তিশালী কৰি তুলিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেই সুৰক্ষিত, উপযুক্ত আৰু যাত্ৰী-হিতৈষী পৰিবহণ প্ৰদানৰ দিশত ভাৰতীয় ৰেলৱেৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আধুনিক প্ৰযুক্তিৰ গ্ৰহণ, ৱৰ্কশ্বপৰ ক্ষমতাৰ উন্নতকৰণ আৰু যাত্ৰী সেৱা উন্নয়নৰ প্ৰতি দায়বদ্ধ । অবিৰত আন্তগাঁথনিৰ উন্নয়ন আৰু সেৱা বৃদ্ধিৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেই উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অঞ্চলটোত নিৰ্বিঘ্ন গতিশীলতা নিশ্চিত কৰি তুলিছে । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী