



নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ভাৰত ভ্ৰমণলৈ অহা কানাডাৰ ভ্ৰমণকাৰী প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছে আৰু ইয়াত ভাৰত-কানাডাৰ সম্পৰ্কক পুনৰ দিশ নিৰ্ধাৰণ, বাণিজ্যিক সহযোগিতা বৃদ্ধি, কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।
ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও কাৰ্নীক সাক্ষাৎ কৰে। কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে বিশেষকৈ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু মূল প্ৰযুক্তি খণ্ডত সহযোগিতা বৃদ্ধি কৰা।
কাৰ্নিয়ে প্ৰথমে মুম্বাইত উপস্থিত হৈছিল, য’ত তেওঁ উদ্যোগৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু যোৱা নিশা দিল্লীত উপস্থিত হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া