
নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ভাৰত আৰু কানাডাৰ বাণিজ্যৰ ক্ষেত্ৰত ২০৩০ চনৰ ভিতৰত ৫০ বিলিয়ন ডলাৰ হ’ব। দুইখন দেশে শীঘ্ৰে সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সম্পাদন কৰিবলৈও সন্মতি প্ৰকাশ কৰিছে। অসামৰিক পাৰমাণৱিক শক্তিৰ বাবে দীৰ্ঘম্যাদী ইউৰেনিয়াম যোগানৰ বাবে দুয়োখন দেশৰ মাজত এক ঐতিহাসিক চুক্তিত উপনীত হৈছে। ভাৰতত এটা ইণ্ডিয়া-কানাডা পালছ প্ৰটিন চেণ্টাৰ অৱ এক্সেলেন্স স্থাপন কৰা হ’ব।
সোমবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে দ্বিপাক্ষিক প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োজন নেতাৰ উপস্থিতিত প্ৰতিৰক্ষা, শিক্ষা, কৃষি, উদ্ভাৱন আদি ক্ষেত্ৰত সহযোগিতাৰ চুক্তিৰ আদান-প্ৰদান কৰা হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ প্ৰেছ বিবৃতিত দুয়োখন দেশৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ বাবে ভ্ৰমণকাৰী নেতাগৰাকীক প্ৰশংসা কৰে। তেওঁ কয় যে আগন্তুক বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰিব। অত্যাৱশ্যকীয় খনিজ সামগ্ৰীৰ চুক্তিয়ে যোগান শক্তিশালী কৰিব। দুয়োখন দেশৰ ষ্টাৰ্টআপ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে মহাকাশ খণ্ডত সংযোগ স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু কানাডাই নবীকৰণযোগ্য শক্তি আৰু শক্তি সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰিত কৰিব, আৰু ইয়াৰ সৈতে জড়িত সন্মিলন এই বছৰ ভাৰতত অনুষ্ঠিত হ’ব। প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে দুয়োখন দেশে ভাৰত-কানাডা প্ৰতিৰক্ষা আলোচনাও প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে জনায় যে কানাডাই গ্ল’বেল বায়’ফিউৱেল এণ্ড ছ’লাৰ এনাৰ্জি এলায়েন্সত যোগদান কৰাৰ সিদ্ধান্ত লৈছে।
সন্ত্ৰাসবাদ আৰু উগ্ৰবাদক মানৱতাৰ বাবে এক উমৈহতীয়া প্ৰত্যাহ্বান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবে দুয়োখন দেশৰ বিৰুদ্ধে সহযোগিতা অতি প্ৰয়োজনীয়।
পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো বিবাদ নিষ্পত্তি কৰাত সমৰ্থন আগবঢ়ায়। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে সাম্প্ৰতিক পৰিস্থিতিত নিজৰ সকলো নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সকলো দেশৰ সৈতে কাম কৰি যাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া