বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা
বৰপেটা, ০২মাৰ্চ (হি.স.)। বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস ।
বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা


বৰপেটা, ০২মাৰ্চ (হি.স.)। বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । দৌল মহোৎসৱ আৰু হোলীগীতৰ সুৰত এতিয়া মুখৰিত সত্ৰ নগৰী বৰপেটা।

বৰপেটাৰ আকাশে বতাহে এতিয়া কেবল কৃষ্ণভক্তি আৰু প্ৰকৃতি বন্দনাৰ আধাৰত ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। সোমবাৰে বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত অনুস্থিত হয় ২৬ সংখ্যক বাটে বাটে হোলীগীত প্ৰতিযোগিতা ।

কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত প্ৰতিযোগিতাত ভাগ লয় । বৰপেটা সত্ৰৰ দালানৰ পৰা আৰম্ভ হোৱা বাটে বাটে হোলীগীত প্ৰতিযোগিতা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস বাপজনাই। সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী প্ৰতিযোগিতা খন উদ্বোধন কৰি বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী প্ৰদান কৰে ।

বৰপেটা সত্ৰৰ পৰা আৰম্ভ হোৱা হোলীগীত প্ৰতিযোগিতাত অংশগ্ৰহন কৰা হোলীগীতৰ দল সমুহে সত্ৰনগৰী বৰপেটাৰ বাটে বাটে হোলীগীত পৰিবেশনৰ দৃশ্য উপভোগ কৰিবলৈ হেজাৰ হেজাৰ লোক পথৰ দুয়োকাষে সমবেত হয়। বাটে বাটে হোলীগীত প্ৰতিযোগিতাৰ কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা চুইটি দাস ৷

দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁটে কয় সৰুৰ পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷গায়িকা চুইটি দাসে কয় বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷

বৰপেটা সত্ৰৰ সন্মুখৰ পৰা আৰম্ভ হোৱা বাটে বাটে হোলীগীত প্ৰতিযোগিতা খনৰ বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত সামৰণি পৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande