বৰপেটা সত্ৰত দৌল মহোৎসৱ আৰম্ভ
বৰপেটা, ২ মাৰ্চ (হি.স.)। আৰম্ভ হ''ল বৰপেটা সত্ৰৰ দৌল মহোৎসৱ ৷ সোমবাৰৰ পৰা বৰপেটা সত্ৰত ৫ দিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱৰ আজি গোন্ধ সভা বা বহ্নুৎসৱ ৷ বহ্নুৎসৱ উপলক্ষে আজি সত্ৰৰ মনিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁই কীৰ্তনঘৰৰ মনিক
বৰপেটা সত্ৰত দৌল মহোৎসৱ আৰম্ভ


বৰপেটা, ২ মাৰ্চ (হি.স.)। আৰম্ভ হ'ল বৰপেটা সত্ৰৰ দৌল মহোৎসৱ ৷ সোমবাৰৰ পৰা বৰপেটা সত্ৰত ৫ দিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱৰ আজি গোন্ধ সভা বা বহ্নুৎসৱ ৷ বহ্নুৎসৱ উপলক্ষে আজি সত্ৰৰ মনিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁই কীৰ্তনঘৰৰ মনিকূট গৃহৰ পৰা বাহিৰলৈ উলিয়াই অনা হয় ৷ দৌল গোবিন্দ মহাপ্ৰভূক কীৰ্তনঘৰৰ মনিকূট গৃহৰ পূব দুৱাৰেৰে আৰু কলীয়া ঠাকুৰ গোসাঁইক উত্তৰৰ দুৱাৰেৰে সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি বৰ শৰাইত ৰাখি মহাস্নান পৰ্ব সম্পন্ন কৰা হয় ৷

পূজাৰীৰ অধিবাস, গায়ন বায়নৰ খোল তাল ঘোষাৰ সুৰ আৰু ঢুলীয়াৰ ঢোলৰ ছন্দত বৰপেটা সত্ৰ পবিত্ৰ ক্ষেত্ৰত পৰিণত হৈ পৰে ৷ দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইৰ মহাস্নান সম্পন্ন হোৱাৰ পিচতেই সন্ধিয়া দুয়োজনা গোসাঁইক সত্ৰৰ টুপৰ চোতালত মেজি পুৱাই যোগমোহন গৃহত ৰখা হব ৷ ইয়াৰ পিচতে নিৰ্দিষ্ট ক্ষণ অনুসৰি দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলগৃহত আৰোহন কৰা হব ৷

যোগমোহন গৃহৰ পৰা দৌলগৃহত সাতপাক প্ৰদক্ষিণ কৰাই দুয়োজনা গোসাঁইক দৌলৰ চৌদালাত আৰোহন কৰা হব আৰু কাইলৈ পুৱা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস বাপজনাই ফাকু গুৰি ছটিয়াই গোসাইক দৌলৰ সেৱা জনাব ৷ উল্লেখ্য যে, বৰপেটা সত্ৰত ৩, ৪, ৫ মাৰ্চ অৰ্থাৎ মঙল, বুধ আৰু বৃহস্পতিবাৰে তিনিদিন ধৰি ভৰদৌল পালন কৰা হব ৷ ইয়াৰ পিচত শুক্ৰবাৰে পালন কৰা হব সুৱেৰী উৎসৱ ৷

সুৱেৰীৰ দিনাখন ৰঙে ৰঙে একাকাৰ হৈ পৰিব সত্ৰনগৰী বৰপেটা। সিদিনাই সত্ৰৰ পৰা দুয়োজনা গোসাঁইক হেকেটা খুৱাই উভতি অহাৰ সময়ত বাঁহ ভঙা পৰ্ব অনুস্থিত হব। বাঁহভঙা পৰ্বৰ পিচতে সত্ৰ চৌহদত প্ৰবেশ কৰা দুয়োজনা গোসাঁইক কীৰ্তনঘৰৰ চৈপাশে ৭ পাক প্ৰদক্ষিণ কৰাই দুয়োজনা গোসাঁইক কীৰ্তনঘৰৰ ভিতৰত স্থাপন কৰা হব। এইদৰেই ৫দিনীয়াকৈ অনুস্থিত বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ শুক্ৰবাৰে সামৰণি পৰিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande