সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰীৰ কঠালবাৰীত আৰম্ভ আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ
নলবাৰী,০২মাৰ্চ (হি.স.)। ৰঙৰ উৎসৱ ফাকুৱাক আদৰণি জনাই বাক্সা আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী কঠালবাৰীত আজিৰে পৰা আৰম্ভ হৈছে আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৮৯ সংখ্যক দৌল মহোৎসৱ। পাচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই দৌল মহোৎসৱে অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ
সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰীৰ কঠালবাৰীত আৰম্ভ আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ


নলবাৰী,০২মাৰ্চ (হি.স.)। ৰঙৰ উৎসৱ ফাকুৱাক আদৰণি জনাই বাক্সা আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী কঠালবাৰীত আজিৰে পৰা আৰম্ভ হৈছে আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৮৯ সংখ্যক দৌল মহোৎসৱ। পাচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই দৌল মহোৎসৱে অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

মহোৎসৱৰ প্ৰথম দিনা পুৱা ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ইয়াৰ পিছতে অঞ্চলটোৰ বিভিন্ন গাঁও-চুবুৰীয়াৰ অংশগ্ৰহণেৰে উলিওৱা হয় এক বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। হোলীৰ গীত, ঢোল-তাল আৰু বিভিন্ন লোক-সংস্কৃতিৰ পৰিবেশনেৰে শোভাযাত্ৰাই কঠালবাৰীৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

দৌল মহোৎসৱস্থলীত প্ৰতিদিনে আয়োজন কৰা হৈছে বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী। নাম-প্ৰসঙ্গ, ভাগৱত পাঠ, দিহা-নাম, থিয়েটাৰ, লোক-নৃত্য আদি বৈচিত্ৰ্যময় কাৰ্যসূচীৰে পাচদিন ধৰি চলিব এই ঐতিহ্যমণ্ডিত উৎসৱ। উদযাপন সমিতিৰ সভাপতিয়ে কয় যে, অঞ্চলটোৰ ৰাইজৰ মাজত শান্তি, সম্প্ৰীতি আৰু একতা অটুট ৰখাৰ উদ্দেশ্যেৰে দীৰ্ঘ বছৰ ধৰি দৌল মহোৎসৱ পালন কৰি অহা হৈছে। ৮৯ সংখ্যক বৰ্ষত উপনীত হোৱা এই মহোৎসৱে অঞ্চলটোৰ সামাজিক আৰু সাংস্কৃতিক বন্ধন অধিক সুদৃঢ় কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে, ফাকুৱা উপলক্ষে আয়োজিত এই দৌল মহোৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাতেই অঞ্চলজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande