
বিশ্বনাথ, ০২ মাৰ্চ (হি.স.)।আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ ৰাখি শাসকীয় বিজেপি মিত্ৰ জোত চৰকাৰ আৰু বিৰোধী কংগ্ৰেছ জোতৰ মাজত ভোটাৰক আকৰ্ষিত কৰিবলৈনিিিত্য নতুন কৌশল অবলম্বন কৰিছে। মুলত ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ গহপুৰৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। যাত্ৰাৰ মাজতে এজন ছাত্ৰক উপহাৰ স্বৰূপে নিজৰ হাতঘড়ীটো দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ছাত্ৰ জনক ছয়দুৱাৰ মহাবিদ্যালয়ৰ দ্বিতীয় সান্মাষিকৰ ছাত্ৰ শান্তনু ছেত্ৰী। ছাত্ৰ জনৰ ঘৰ গহপুৰ সমষ্টিৰ ঘগৰাবস্তিত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা