(আপডেট) গৌৰীপুৰৰ মৰাপাটৰ গুদামত অগ্নিকাণ্ডৰ ঘটনাকলৈ ৰাইজৰ ক্ষোভ
(আপডেট) গৌৰীপুৰৰ মৰাপাটৰ গুদামত অগ্নিকাণ্ডৰ ঘটনাকলৈ ৰাইজৰ ক্ষোভ।
(আপডেট) গৌৰীপুৰৰ মৰাপাটৰ গুদামত অগ্নিকাণ্ডৰ ঘটনাকলৈ ৰাইজৰ ক্ষোভ


ধুবুৰী, ০২ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ মৰাপাটৰ গুদামত যোৱা কালি সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাকলৈ ৰাইজে ক্ষোভ তথা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বীমা ধন মুকলোৱাৰ বাবে গুদামৰ মালিকেই নিজেই জুই লগাই দিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷ এয়া কোনো অগ্নিকাণ্ড সংঘটিত হোৱাৰ নতুন কথা নহয়, প্ৰায় বছৰৰ মুৰে মুৰে অগ্নিকাণ্ড হৈ আহিছে বুলি অভিযোগ কৰে ৰাইজে।

চহৰ খনৰ মাজ মজিয়াত মৰাপাট লগতে সৰিয়হ গুদামত প্ৰতিবছৰে অগ্নিকাণ্ড সংঘটিত হোৱাত স্থানীয় ৰাইজে নিৰাপত্তা হীনতাত ভুগিব লগা হোৱা বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰে।জন বসতি এলেকা আৰু তেল ডিপূৰ কাষত গুদাম সমূহ ৰখাকলৈ চিন্তিত হৈ পৰিছে ৰাইজ। এইক্ষেত্ৰত নীতি নিয়মৰে গুদামটো পৰিচালনা হৈ আছে নে নাই ইয়াৰ উচিত তদন্ত কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুনিশ্চিত কৰাৰ দাবী জনাইছে বসবাস কৰা স্থানীয় ৰাইজে৷

উল্লেখ্য যে এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল এখন পেট্ৰল পাম্পৰ লগতে কেইবাটাও বাসগৃহৰ আৰু গুদাম ঘৰৰ ভিতৰত থকা মন্দিৰ ৷ গুদামৰ চৌপাশে থকা স্থানীয় দোকানৰ লগতে বসবাস কৰা পৰিয়ালৰ লোকৰ অসমৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ উচিত তদন্ত কৰি টাউনৰ মাজ মজিয়াত থকা গুদাম ঘৰটো বন্ধ কৰাৰ দাবী জনায়। পৰৱৰ্তী সময়ত যদি ইয়াত মৰাপাট গুদাম ঘৰ স্হাপন কৰিলে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ কাৰাৰ হুমকি দিয়ে স্থানীয় ৰাইজে ৷

আনহাতে গুলাম ঘৰটোৰ অগ্নিকাণ্ডৰ উৎস এতিয়াও জানিব পৰা হোৱা নাই। বাৰে বাৰে সংঘটিত হৈ অহা এই অগ্নিকাণ্ডৰ সকলো ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande