
কামৰূপ, ০২ মাৰ্চ (হি.স.)। কামৰূপ জিলাৰ নগৰবেৰা পাহাৰত কালি নিশা প্ৰত্যক্ষ কৰা হৈছে জুইৰ লেলিহান শিখা। পাহাৰৰ বিভিন্ন স্থানত দেখা পোৱা গৈছে এনে জুইৰ শিখা। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। কোনো লোকে অগ্নি সংযোগ কৰাৰ সন্দেহ ব্যক্ত কৰিছে একাংশ লোকে। অন্যহাতে বন জুইৰ ঘটনাও হব পাৰে বুলি সন্দেহ ব্যক্ত কৰা হৈছে।
নগৰবেৰা পাহাৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই পাহাৰ খনত থকা জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিশেষকৈ নগৰবেৰা পাহাৰত থকা শ শ বান্দৰে পাহাৰৰ বিভিন্ন ফল-মূল খাই জীৱন নিৰ্বাহ কৰে যদিও এনে জুইয়ে ফল-মূলৰ গছবোৰ ধ্বংস কৰাৰ অৱকাশ আছে । তেনেস্থলত শ শ বান্দৰৰ লগতে আন আন জীৱজন্তু সমূহ খাদ্য সংকটত পৰিব বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । কি পৰিস্থিতিত নগৰবেৰা পাহাৰত জুইৰ সূত্ৰপাত ঘটিছে সেয়া সুনিশ্চিত কৰিবলৈ বন বিভাগক দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ