
গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ইতিমধ্যে জোৰদাৰ প্ৰচাৰ কাৰ্য্যসূচী অব্যাহত ৰখাৰ সমান্তৰালভাৱে অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবেও কুজকাৱাজ আৰম্ভ হৈ গৈছে । অসমৰ খালী হ’বলগীয়া তিনিখনকৈ আসনক লৈ এতিয়া ৰাজনৈতিক দলসমূহে নিজৰ প্ৰাৰ্থীক জয়ী কৰাই নিয়াৰ অংক অব্যাহত ৰাখিছে। ইয়াৰ মাজতে আজি ভিন্ন দলৰ পাঁচজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰও সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ।
জানিব পৰা অনুসৰি বিজেপি, এ আই ইউ ডি এফ আৰু অসম জাতীয় পৰিষদ দলে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। উল্লেখ্য যে অহা ৯ এপ্ৰিলত অসমৰ তিনি ৰাজ্যসভাৰ সাংসদ ক্ৰমে বিজেপিৰ ভূৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু আঞ্চলিক গণ মৰ্চাৰ অজিত কুমাৰ ভূঞাৰ কাৰ্য্যকাল সমাপ্ত হ’ব। এই তিনিখন আসনৰ বাবে ১৬ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইয়াৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ৫ মাৰ্চ ধাৰ্য কৰা হৈছে আৰু ৬ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব । ইচ্ছুক প্ৰাৰ্থীসকলে ৯ মাৰ্চ পৰ্যন্ত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব । অহা ১৬ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই বিয়লি ৫ বজাত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব । সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ২০ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আয়োগে নিৰ্দেশ দিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী