গৌৰীপুৰ শিলাইৰপাৰ গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ উন্নয়নমূলক কামত ঠগ-প্ৰবঞ্চনাৰ অভিযোগ
গাঁও পঞ্চায়ত সভানেত্ৰী, সচিব আৰু খণ্ড উন্নয়ন বিষয়ৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল।
গৌৰীপুৰ শিলাইৰপাৰ গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ উন্নয়নমূলক কামত ঠগ-প্ৰবঞ্চনাৰ অভিযোগ


ধুবুৰী, ০২ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ আঠানি উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ শিলাইৰপাৰ গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ উন্নয়নমূলক কামত ঠগ-প্ৰবঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত অনুষ্ঠিত হোৱা এক গাঁও সভাত ৰাইজে চৰকাৰী উন্নয়নমূলক কামৰ মজুত কৰা কাৰ্যকৰী আঁচনি (Action Plan) খণ্ড উন্নয়ন কাৰ্যালয়ত সলনি কৰি বেলেগ এখনকাৰ্যকৰী আঁচনি বনাই ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ত প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে উন্নয়নমূলক কামৰ আঁচনিৰ বিভাগীয় ভাৱে নিৰ্দিষ্ট মাপকাঠী (on line Secure, Technical Sention আৰু Estimeet) হোৱাৰ পিছতো চক্ৰান্ত মূলক ভাবে পঞ্চায়ত সভানেত্ৰী মৰিয়ম বেগম, সচিব বাচ্চু সাহা আৰু খণ্ড উন্নয়ন বিষয়া দেবাং চয়ন তুমাংয়ে নিজ খেয়াল খুচি মতে ৰাইজে দিয়া আঁচনিসমূহৰ কাৰ্যকৰী আঁচনি বাদ দি নতুন আঁচনি বনাই জিলা পৰিষদ কাৰ্য্যালয়ত জমা দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰি গৌৰীপুৰ থানাত তিনিও জনৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande