
শিৱসাগৰ, ০২ মাৰ্চ (হি.স.): শিৱসাগৰ জিলাৰ মৰাণ চেপনত যোৱা কালি দেওবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ জুইত ছাই হৈ গ'ল দুৰ্ঘটনাগ্ৰস্ত ইয়ন গাড়ী এখন ৷ কথমপি প্ৰাণ ৰক্ষা পৰে গাড়ীখনত থকা চাৰি গৰাকী আৰোহীৰ ৷
জানিব পৰা মতে শিৱসাগৰ চহৰৰ সমীপৰ কোঁৱৰপুৰৰ পৰা গৈছিল আৰোহী কেইজন ৷ এখন ই ৰিস্কাক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত বাহনখন৷ ইয়াৰ লগে লগে জুই জ্বলি উঠে বাহন খন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী - অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ