
ধুবুৰী, ০২ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ বেপাৰীপট্টীত যোৱা কালি দেওবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । নিমিষতে জ্বলি ছাই হ'ল মৰাপাটৰ গুডাম। অগ্নিকাণ্ডৰ ফলত ডেৰ কৌটি টকাৰ মৰাপাট, সৰিয়হ মজুত থকাৰ অনুমান কৰা হৈছে। অৱশ্যে এই অগ্নি ক'ৰ পৰা উৎপত্তি হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
গৌৰীপুৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা চলায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ