
নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি ড০ আলেকজেণ্ডাৰ ষ্টাব ৪-৭ মাৰ্চলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিব। তেওঁৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, ব্যৱসায়িক নেতাৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই সময়ছোৱাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া একাদশ ৰাইচিনা আলোচনাত মুখ্য অতিথি আৰু মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি ষ্টাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি হিচাপে এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি ষ্টাবে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। আঞ্চলিক আৰু বিশ্বজনীন বিষয়ৰ ওপৰতো আলোচনা কৰিব দুয়োগৰাকী নেতাই। ৰাষ্ট্ৰপতি ষ্টাবৰ সন্মানত প্ৰধানমন্ত্ৰী মোদীয়ে এক ভোজৰ আয়োজন কৰিব।
এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ষ্টাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ কৰিব। উপ-সভাপতি চি.পি. ৰাধাকৃষ্ণন আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও তেওঁৰ সৈতে সাক্ষাৎ কৰিব। ইয়াৰ পিছতে তেওঁ মুম্বাইলৈ যাত্ৰা কৰিব, য’ত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিব। ভাৰতীয় উদ্যোগৰ নেতাসকলৰ সৈতেও তেওঁ মত বিনিময় কৰিব আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ