
শ্ৰীভূমি,০২ মাৰ্চ (হি.স.)। ড্ৰাগছ বিৰোধী অভিযানত শ্ৰীভূমি আৰক্ষীৰ সফলতাৰ পিছত সফলতা। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে ১০ হাজাৰ য়াবা টেবলেট। দেওবাৰে গভীৰ নিশা নিৰ্ভৰযোগ্য গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এক অভিযান চলাই আৰক্ষীয়ে এই সফলতা লাভ কৰে। জানিব পৰা মতে, এ এছ-১০বি-০৫৮৮ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ এখন ক’লা ৰঙৰ মাৰুতি চুজুকি ৱেগনাৰ গাড়ীত কলাছাৰাৰ পৰা বালিয়া অভিমুখে সন্দেহযুক্ত নিষিদ্ধ য়াবা টেবলেট লৈ আহিছিল।
উক্ত তথ্যৰ ভিত্তিত কালিগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত এছ আই মহিদুল জামানে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। নিলামবজাৰ থানা আৰু কালিগঞ্জ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি)য়ে যৌথভাৱে কলাছাৰত অভিযান চলায়। নাকা অনুসন্ধান আৰম্ভ কৰাৰ সময়তে কলাছাৰাত উক্ত বাহন খন জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে গাড়ী খনৰ চালক জনক। অভিযুক্ত চালক জনৰ নাম কবীৰ আহমেদক সন্দেহত আটক কৰি গাড়ীখন তালাচী চলোৱা হয়।
তালাচীৰ সময়ত গাড়ী খনৰ পিছফালৰ আসনত এটা ক’লা প্লাষ্টিকৰ বেগ উদ্ধাৰ হয়। বেগটোৰ পৰা এটা বৃহৎ পেকেট উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ হোৱা পেকেটৰ পৰা মুঠ ১০ হাজাৰ সন্দেহযুক্ত য়াবা টেবলেট উদ্ধাৰ কৰা হৈছে। অভিযুক্তৰ পৰা এটা ন’কিয়াৰ কিপেড মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে।
উদ্ধাৰ হোৱা মাদক দ্ৰব্য আৰু অন্যান্য সামগ্ৰী সমূহ আইন অনুসৰি জব্দ কৰি (এন ডি পি) এছ আইনৰ সংশ্লিষ্ট ধাৰা সমূহৰ অধীনত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উদ্ধাৰ হোৱা নিচাজাতীয় সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা