
নগাঁও, ০২মাৰ্চ (হি.স.)। অসমীয়া জাতিৰ জনক জগত গুৰু শ্রীমন্ত শংকৰ দেৱে আজিৰ পৰা প্রায় পাঁচশ বছৰ আগতে ‘চিহ্নযাত্রা’ ভাওনা অনুষ্ঠিত
কৰা স্থানত জগন্নাথ পুৰীৰ ইন্দ্রদ্যুম্ন ৰজাই সজা দৌলৰ আৰ্হিত এটি দৌল মন্দিৰ সাজি ভাৰতীয় মহাজীৱনৰ অনুপম আনন্দ দায়ক ৰঙৰ উৎসৱ ফাকুৱা পাতিছিল। তাহানিৰ পৰা সেই মহান ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়।
তদুপলক্ষে অহা কাইলৈৰ পৰা ৬ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মস্থান বটদ্রৱা থানত দৌল উৎসৱ পালন কৰা হ'ব। আজি বটদ্ৰৱা থানত দৌল উৎসৱ উপলক্ষে সমিতিৰ পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । বিভিন্ন উপসমিতিয়ে ক্ষীপ্ৰতাৰে নিজৰ নিজৰ কাৰ্য পৰিচালনা কৰিছে। অহা কাইলৈ গন্ধোৎসৱৰ সন্ধিয়া গোসাঁইক গায়ন বায়ন আৰু ভক্তসবে গাই বাই কীৰ্তনঘৰৰ পৰা উলিয়াই আনি আকাশী গংগাৰ পাৰৰ গন্ধঘৰত গন্ধৰ নোৱা ধোৱা পূজা পাৰ্বন কৰি কীৰ্তনঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰা হ'ব।
গোসাঁইক গান্ধবিৰিণা, গাঁঠিয়ন, মুঠা, মিঠি, পিৰিকা ফুল আদি ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেলৰে নোওৱা হয় । তাৰ পাছত তেল, চন্দন, অগৰু সানি গোসাঁইক নতু্ন বস্ত্র, অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব। ইয়াৰ পাছদিনা অথাৎ ৩ ৰ্মাচ ‘গোসাঁই মূৰত ফাকু দিয়া উৎসৱ’ৰ দুপৰীয়া গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। সেইদিনা ওৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব।
৪ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ। সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই দৌললৈ যাত্রা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক প্ৰদক্ষিন কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিন কৰোৱাৰ লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত কীৰ্তন ঘৰত দুৱাৰ ধৰা নামৰ নান্দনিক অনুষ্ঠানৰ জৰিয়তে প্ৰবেশ কৰোৱাৰ পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু