
চিৰাং, ০২ মাৰ্চ (হি.স.)। চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত সামূহিক কেন্দ্ৰত আজি বিপিএফৰ এক বিশাল জনসভা অনুষ্ঠিত হয় ৷ এই সভাত বিটিচিৰ বিৰোধী দলপতি তথা ইউ পি পি এল দলৰ নেতা খাম্পা বৰগয়াৰী, ইউ পি পি এল দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, ইউ পি পি এল দলৰ যুৱ গোটৰ প্ৰাক্তন সভাপতি ড০ ছাংগ্ৰাং ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ৷
এই সভাৰ পূৰ্বে কাজলগাঁওৰ আলাইখুংগ্ৰী পথাৰৰ পৰা কাজলগাঁও বজাৰলৈ এক সমদল উলিওৱা হয় ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত দিছপুৰ চলো যাত্ৰা শীৰ্ষক বিশাল সমদলত কেইবা হেজাৰোধিক লোকে অংশ গ্ৰহণ কৰে ৷ চিৰাং জিলা বিপিএফৰ সভাপতি জেমছ বসুমতাৰীয়ে পৰিচালনা কৰা জনসভাত ভাষণ প্ৰদান কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, অহা ১৩ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোকৰাঝাৰত আহিব ৷
তেও কয় যে, বিটিচিৰ বাবে এইয়া এক ভাল খবৰ ৷ প্ৰধান মন্ত্ৰী আহিব মানে বিটিচিৰ বাবে ভাল খবৰ লৈ আহিব ৷ তেওঁ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুৰ মাজত নিৰ্মাণ হ'বলগীয়া নতুন ৰেল পথৰ আধাৰশিলা স্থাপন কৰিব বুলি মত ব্যক্ত কৰে | তেওঁ যমদুৱাৰৰ পৰা ভালুকপুঙৰ মাজত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ পোষকতা কৰে ৷ হাগ্ৰামা মহিলাৰীয়ে ভাষণত ৰাইজক বিগত বিটিচি নিৰ্বাচনত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমাগত বিধানসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থীক সহায় কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয়, দলক সহায় কৰিলে ৰাইজকে সহায় কৰিব ৷
মহিলাৰীয়ে পূৰ্বৰ বিপিএফৰ নেতা, বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী, ইউ পি পি এল নেতা মাউথি ব্ৰহ্ম হাজোৱাৰী আৰু ড০ ছাংগ্ৰাং ব্ৰহ্মই বিপিএফত যোগদানে দলক শক্তিশালী কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ চিৰাঙৰ চাৰিটাকৈ ব্লক সমিতিৰ পৰা উপস্থিত থকা কেইবা হেজাৰ দলীয় কৰ্মীৰ ওপৰত অনুষ্ঠিত জনসভাত বিপিএফৰ যুৱ গোটৰ সভাপতি ৰিঞ্জয় বড়োই বিপিএফৰ বিটিচি প্ৰশাসনে কৰি থকা কাম কাজৰ ওপৰত বিষদ আলোচনা দাঙি ধৰে ৷ সভাত বিপিএফত নতুনকৈ যোগদান কৰা নেতা সকলেও ভাষণ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, আজিৰ জনসভাত ১৬০ গৰাকী বিভিন্ন দলৰ পৰা বিপিএফত যোগদান কৰে ৷
উল্লেখযোগ্য যে, কালি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৫৭ বৰ্ষীয় জন্মদিন উপলক্ষে চিৰাং জিলা বিপিএফৰ মহিলা গোটে হাগ্ৰামা মহিলাৰীক জন্ম দিনৰ শুভেচ্ছা জনোৱাৰ লগতে মহিলাৰীৰ দ্বাৰা কেক কাটে ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar