
শোণিতপুৰ, ০২মাৰ্চ (হি.স.)। ঢেকীয়াজুলিত বাগিছাই বাগিছাই আছাৰ বাইক ৰেলী ৷ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্যুৰ ন্যায়,মজুৰি বৃদ্ধি,জনজাতিকৰনৰ দাবীৰে আজিৰে পৰা বাগিছাই বাগিছাই আছাৰ বাইক ৰেলী৷ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰন নকৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আদিবাসী ছাত্ৰ সন্থা ৷
আদিবাসী সকলক জনজাতীকৰনৰ দাবী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় , চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক মূখ্য দাবী হিচাবে লৈ আজিৰে পৰা চাহ বাগিছাই বাগিছাই বাইক ৰেলীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছাৰ ৷ আজি পুৱা ১১ বজাত ঢেকীয়াজুলিৰ আলিচিঙাৰ পৰা উলিওৱা এই প্ৰতিবাদী বাইক ৰেলি ঢেকীয়াজুলিৰ চাহ বাগিছা আৰু গাঁও অঞ্চল লৈকে যাব বুলি জানিব দিয়ে আছাই ৷ আজি বাইক ৰেলিৰে বিজেপিৰ বিৰুদ্ধে তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছাই ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা