চিলাপথাৰৰ চিলাসুতি পঞ্চায়তৰ জৰাজীৰ্ণ ৰাস্তা-ঘাটৰ ফলত দুৰ্বিসহ যাতায়ত
ধেমাজি, ০২ মাৰ্চ (হি.স.)। ৭৯ নং নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাথাৰৰ চিলাসুতি পঞ্চায়তৰ জৰাজীৰ্ণ ৰাস্তা-ঘাটে দীৰ্ঘদিন ধৰি সাধাৰণ ৰাইজক জলাকলা খুৱাই আহিছে। জানিব পৰামতে অৰুণাচল প্ৰদেশৰ লিকাবালিৰ সমীপৰ পৰা বৈ অহা মেকুৰী নলা নামৰ পাহাৰী
চিলাপথাৰৰ চিলাসুতি পঞ্চায়তৰ জৰাজীৰ্ণ ৰাস্তা-ঘাটৰ ফলত দুৰ্বিসহ যাতায়ত


ধেমাজি, ০২ মাৰ্চ (হি.স.)। ৭৯ নং নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাথাৰৰ চিলাসুতি পঞ্চায়তৰ জৰাজীৰ্ণ ৰাস্তা-ঘাটে দীৰ্ঘদিন ধৰি সাধাৰণ ৰাইজক জলাকলা খুৱাই আহিছে। জানিব পৰামতে অৰুণাচল প্ৰদেশৰ লিকাবালিৰ সমীপৰ পৰা বৈ অহা মেকুৰী নলা নামৰ পাহাৰীয়া নৈৰ ধাৰাবাহিক তাণ্ডৱত যমৰ যাতনা ভূগি আহিছে চিলাসুতি অঞ্চলৰ একাংশ ৰাইজে । নলাটোৰ নামনি অংশত চেদেলী-ভেদেলী হৈ বৈ অহা পানীয়ে জীপু, ঘগৰা, ডালা, ব্ৰীজবাৰী, ব্ৰহ্মপুৰ, চিলা ব্ৰহ্মপুৰ আদি প্ৰায় আধাকুৰি গাঁওৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা কৰি তোলে।

চিলাসুতিৰ পৰা মালিনীপুৰলৈকে প্ৰসাৰিত একমাত্ৰ পকী পথছোৱা বিগত সময়চোৱাত মেকুৰী নলাৰ বালিয়ে সম্পূৰ্ণৰূপে পুতি পেলাইছে । চাৰিওফালে মাথোঁ বালি আৰু বালি। যান-বাহনৰ কথা বাদেই, এখন চাইকেল চলাবলৈ বা পদব্ৰজে যাত্ৰা কৰাটোও অতি দুৰূহ হৈ পৰিছে। প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ কেইবাটাও অংশৰ এতিয়া কোনো চিন-মোকামেই নাই।

ইফালে খোৱা পানীৰো তীব্ৰ সংকট দেখা দিছে বুলি স্থানীয় ৰাইজে জানিব দিয়ে।

এই দুৰৱস্থাৰ ফলত সাধাৰণ ৰাইজৰ লগতে ৰোগী, প্ৰসূতি মহিলা আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলেও চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে। মেকুৰী নলাৰ অব্যাহত থকা তাণ্ডৱৰ ফলত ইতিমধ্যে বহু পৰিয়ালে ঘৰ-বাৰী এৰি আন ঠাইলৈ স্থানান্তৰ হ’বলৈ বাধ্য হৈছে। ঘৰ, বাৰী, পথ বা চোতাল বুলি একো অৱশিষ্ট নাই সৰ্বত্ৰে কেৱল বালিময় পৰিৱেশ।

স্থানীয় ৰাইজৰ অভিযোগ কেৱল নিৰ্বাচনৰ সময়তহে এই অঞ্চলটোৰ কথা মনত পৰে জনপ্ৰতিনিধিসকলৰ। পৰিবৰ্তন আৰু উন্নয়নৰ বৰ-বৰ ভাষণ দিয়া জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতিত এইবাৰ আৰু বিশ্বাস নকৰে গাঁওবাসীয়ে। সেয়েহে সমাগত বিধানসভা নিৰ্বাচনত ৰাইজৰ সমস্যাক প্ৰাধান্য দিয়া প্ৰাথীকে ভোট দিয়াৰ পোষকতা কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande