বস্ত্ৰনগৰী শুৱালকুছিত ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্ৰ প্ৰাঙ্গণত আৰম্ভ দৌল মহোৎসৱ
বস্ত্ৰনগৰী শুৱালকুছিত ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্ৰ প্ৰাঙ্গণত দৌল মহোৎসৱ।
বস্ত্ৰনগৰী শুৱালকুছিত ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্ৰ প্ৰাঙ্গণত আৰম্ভ দৌল মহোৎসৱ


বৰপেটা, ০২ মাৰ্চ (হি.স.): বস্ত্ৰনগৰী শুৱালকুছিত ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্ৰ প্ৰাঙ্গণত দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্ৰ প্ৰাঙ্গণত দৌল মহোৎসৱৰ তিনিদিনীয়া বাৰ্ণাঢ্য কাৰ্য়সূচীৰে আজিৰে পৰা উদযাপন কৰা হেছে দৌল মহোৎসৱ ।আজি সহস্ৰাধিক বাপ বান্ধৱ আইমাতৃয়ে একেলগে হোলীগীত পৰিবেশন কৰে।

উৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মূখ্য অতিথি হিচাপে অংশ লয় মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা° হিতেশ বৰুৱাই । অনুস্থানৰ অন্তত সহস্ৰাধিক লোকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী ৰাতিৰ বুকুত গীতটি পৰিৱেশন কৰে। অহা কাইলৈ মঙলবাৰে সন্ধিয়া কণ কণ শিশু সকলৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰিব লগতে গোহাঁইক লৈ নগৰ পৰিভ্ৰমণ তথা হলিকা দাহন কাৰ্যসূচী পালন কৰা হ'ব। সমান্তৰালভাৱে পৰাম্পৰাগত বৰপেটাত তৈয়াৰী হস্ত নিৰ্মিত আতচবাজি প্ৰদৰ্শনত ৰঙীন হৈ পৰিব শুৱালকুছিৰ আকাশ বতাহ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande