কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা চূড়ান্ত-যোৰহাটৰ পৰাই পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈ
গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন। শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছ উভয়ে নিৰ্বাচনক লৈ ব্যাপক তৎপৰ হৈ পৰিছে । নিৰ্বাচনক লৈ সাজু হৈ পৰিছে কংগ্ৰেছ দল। লগতে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকাক লৈয়ো দলটোৰ স্থিতি প্ৰায় নিশ
কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্রা


গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন। শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছ উভয়ে নিৰ্বাচনক লৈ ব্যাপক তৎপৰ হৈ পৰিছে । নিৰ্বাচনক লৈ সাজু হৈ পৰিছে কংগ্ৰেছ দল। লগতে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকাক লৈয়ো দলটোৰ স্থিতি প্ৰায় নিশ্চিত হৈছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে । এই ইংগিত দিছে সাংসদ গৌৰৱ গগৈয়ে । ইফালে, চৰ্চা অনুসৰি সাংসদ গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে । সময় পৰিৱৰ্তনৰ যাত্রাত ব্যস্ত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সাংবাদিকৰে হোৱা বাৰ্তালাপত সদৰী কৰিছে যে কংগ্ৰেছ দল নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে । প্ৰায় ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছ দলে । বাকী আসনসমূহ মিত্রদলক এৰি দিব কংগ্ৰেছে ।

প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰই জনোৱা মতে, ৭ মাৰ্চত নতুন দিল্লীত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । অসমৰ নিৰ্বাচনৰ বাবে এ আই চি চিয়ে প্রিয়ংকা গান্ধীৰ অধ্যক্ষতাত গঠন কৰা স্ক্রীনিং কমিটীৰ বৈঠকৰ বাবে ইতিমধ্যে প্রার্থী পেনেল চূড়ান্ত কৰিছে ৰাজীৱ ভৱনে । দিল্লীত হ'বলগীয়া বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ প্রদ্যুৎ বৰদলৈ, প্রাক্তন সাংসদ ৰিপুণ বৰা, সাংসদ ৰকিবুল হুছেইনকে ধৰি শীৰ্ষ নেতাসকলে অংশগ্রহণ কৰিব । এই বৈঠকতে প্রদেশ কংগ্ৰেছৰ অসমৰ প্ৰাৰ্থী পেনেল সন্দৰ্ভত আলোচনা কৰি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হ'ব ।

উল্লেখ্য যে কংগ্ৰেছে মিত্রদল অসম জাতীয় পৰিষদক শদিয়া, খোৱাং, ডিব্ৰুগড়, মাহমৰা, ধেমাজি, সৰুপথাৰ সমষ্টি এৰি দিয়াৰ বাবে ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে । ইফালে, বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলক চিচিবৰগাঁও, ডিগবৈ, শিৱসাগৰ, মৰিয়নী, বোকাখাত, তেজপুৰ সমষ্টি এৰি দিয়াৰ বাবে কংগ্ৰেছে সিদ্ধান্ত গ্রহণ কৰিছে । আন এটা বিৰোধী মিত্ৰদল চি পি আই (এম এল)ক বিহালী সমষ্টি এৰি দিয়াৰ কথাও বিবেচনা কৰিছে কংগ্ৰেছে । এই সমষ্টি কেইটাক বাদ দি কংগ্ৰেছে বাকী সমষ্টি কেইটাৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে অগ্ৰসৰ হৈছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande