
দৰং, ০২ মাৰ্চ (হি.স.)। বিদ্যালয়ত চুৰি কাণ্ড। চোৰৰ ৰম্যভূমিত পৰিণত মঙলদৈ চহৰৰ লগতে উপকন্ঠ অঞ্চল সমূহ। মন্দিৰৰ পিছত এইবাৰ চোৰৰ লক্ষ্য বিদ্যালয় । দেওবাৰে নিশা উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে চলালে লুতপাত। লুটি নিলে বিদ্যালয় খনৰ কম্পিউটাৰ , টিভি , চিচি কেমেৰা, স্মাৰ্ট ক্লাছৰ সা সৰঞ্জাম, জেনেৰেটৰ, প্ৰিন্টাৰ আদি।
এজাহাৰ দাখিলৰ পিছতেই বিদ্যালয় খনত মঙলদৈ সদৰ আৰক্ষী আহি তদন্ত আৰম্ভ কৰিছে যদিও বিদ্যালয় কৰ্তৃপক্ষই ভৰষা কৰিব পৰা নাই আৰক্ষীৰ ওপৰত। বিগত বৰ্ষতো চুৰি কাণ্ড সংঘটিত হৈছিল বিদ্যালয় খনত। চোৰ ধৰিব নোৱাৰা বাবে আৰক্ষী প্ৰশাসনক গৰিহনা বিদ্যালয় কৰ্তৃপক্ষৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা