২০নং মঠনগুৰি পৰিষদিয় সমষ্টিৰ কাৰ্যালয়ত বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ ৫৭ সংখ্যাক জন্মদিন উদযাপন
বৰপেটা, ০২ মাৰ্চ (হি.স.)। বিটিচি বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা ৰোডৰ সমীপৰ হটাপাৰাত অৱস্থিত ২০নং মঠনগুৰি পৰিষদিয় সমষ্টিৰ কাৰ্যালয়ত বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ ৫৭ সংখ্যাক জন্মদিন উলহ মালহেৰে উদযাপন কৰা হয়। বিপিএফ দলৰ মঠনগুৰি ব্লক কমিটিৰ উদ্যোগত ৩০ ক
২০নং মঠনগুৰি পৰিষদিয় সমষ্টিৰ কাৰ্যালয়ত বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ ৫৭ সংখ্যাক জন্মদিন উদযাপন


বৰপেটা, ০২ মাৰ্চ (হি.স.)। বিটিচি বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা ৰোডৰ সমীপৰ হটাপাৰাত অৱস্থিত ২০নং মঠনগুৰি পৰিষদিয় সমষ্টিৰ কাৰ্যালয়ত বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ ৫৭ সংখ্যাক জন্মদিন উলহ মালহেৰে উদযাপন কৰা হয়।

বিপিএফ দলৰ মঠনগুৰি ব্লক কমিটিৰ উদ্যোগত ৩০ কিলোঁ ওজনৰ কেক কাটি বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত দলীয় নেতা কৰ্মী সকলে ৩০ কেজি ওজনৰ কেক কাটি দলৰ নেতা গৰাকীৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰাৰ লগতে ২০নং মঠনগুৰি পৰিষদীয় সমষ্টিৰ ই এম বেগম আখতাৰা আহমেদৰে।

বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী জন্মদিনত অংশগ্ৰহণ কৰি বিটিচি চৰকাৰ ইএম আখতাৰা আহমেদে সংবাদমাধ্যমৰ আগত বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীৰ দীৰ্ঘায়ু কামনা কৰে। বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীৰ জন্মদিন উপলক্ষে হটাপাৰাত বিপিএফৰ মুখ্যকাৰ্যলয়ত বিপিএফৰ কৰ্মীৰ লগত ইএম আখতাৰা আহমেদে গীত গাই বিহু নৃত্য কৰি জন্মদিন উদযাপন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande