
কামৰূপ, ০২ মাৰ্চ (হি.স.): কামৰূপ জিলাৰ চাংসাৰিত যোৱা কালি দেওবাৰে বিয়লি মুকলি কৰা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডলৰ কাৰ্যলয়। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাই কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত মুকলি কৰে কাৰ্যলয়। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত কাৰ্যলয় মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত ৰিণিকি ভূঞা শৰ্মাক বিজেপি দলৰ বিভিন্ন ভাতৃ সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।
পূৰ্বৰ জালুকবাৰী আৰু বৰ্তমানৰ কমলপুৰ বিধানসভা সমষ্টিৰ বেজেৰা মণ্ডলৰ কাৰ্যলয় উদ্ধোধন কৰি ৰিণিকি ভূঞা শৰ্মাই স্হানীয় ৰাইজৰে মত বিনিময় কৰে। এই অনুষ্ঠানত বিস্তাৰক হৰ কিষাণ জয়ানী সংখালঘু আয়োগৰ অধ্যক্ষ তবিবৰ ৰহমানো উপস্থিত থাকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যা আৰু গুৰুজনাৰ আশীৰ্বাদত একেৰাহে ১৪ ঘণ্টা জন আশীৰ্বাদ কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে । পুনৰ ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত মিত্ৰ দলৰ চৰকাৰ হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ