
তিনিচুকীয়া, ০২ মাৰ্চ (হি.স.): তিনিচুকীয়া জিলাৰ ডিগবৈ ৰিফাইনেৰীৰ মেইন গেটত যোৱা কালি দেওবাৰে নিশা মহিলা কৰ্মীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।মহিলা গৰাকীয়ে স্বামীক স্কুটিৰে আনিবলৈ যোৱাৰ সময়তে চিটু ইউনিয়নৰ শ্ৰমিকৰ দ্বাৰা প্ৰহাৰৰ উপৰিও অশালীন ব্যৱহাৰ, অশ্ৰাব্য গালি গালাজ কৰাৰ অভিযোগ উঠিছে।
ঠিকা ভিত্তিক চাকৰিৰ কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটে । ৰিলিভাৰৰ পদত নিয়ম বহিঃভুত ভাৱে মকৰল কৰাক লৈ সংঘাত হয় দুয়োপক্ষৰ মাজত । চিটু ইউনিয়নৰ বিশ্বজিৎ বনিয়া, গনপত মাহাতু, সঞ্জীৱ মোহন, পংকজ ভাৰতী, বিজয় দাসৰ ওপৰত ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। এই সন্দৰ্ভত সঞ্জীব মোহন, বিজয় দাস, পংকজ ভাৰতীক আটক কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ