মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ বাবে বেংগালুৰুৰ পৰা ২২খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল
বেংগালুৰু, ০২ মাৰ্চ (হি.স.)। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধসদৃশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গত বিমান সেৱা নিষিদ্ধ কৰা হৈছে। ফলত বেংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চলি থকা মুঠ ২২খন বিমান বাতিল কৰা হৈছে। বিমানবন্দৰৰ সূত্
KIA


বেংগালুৰু, ০২ মাৰ্চ (হি.স.)। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধসদৃশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গত বিমান সেৱা নিষিদ্ধ কৰা হৈছে। ফলত বেংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চলি থকা মুঠ ২২খন বিমান বাতিল কৰা হৈছে।

বিমানবন্দৰৰ সূত্ৰ অনুসৰি বেংগালুৰুৰ পৰা যাত্ৰা কৰা ১০খন বিমান আৰু বহিঃৰাজ্যৰ পৰা অহা ১২খন বিমান বাতিল কৰা হৈছে। বিমানবন্দৰ প্ৰশাসনে উল্লেখ কৰে যে যুদ্ধ পৰিস্থিতিৰ বাবে কিছুমান বিমানবন্দৰ বন্ধ হৈ থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

তেওঁলোকে কয় যে আবুধাবি, জেদ্দা, দোহা, ডুবাই আৰু বাহৰেইন পথত বিমান সেৱা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। এই পথসমূহত চলাচল কৰা প্ৰধান বিমান সংস্থা যেনে এয়াৰ ইণ্ডিয়া, এমিৰেটছ, ইণ্ডিগ’, কাটাৰ এয়াৰৱেজে সাময়িকভাৱে বিমান সেৱা বন্ধ কৰি দিছে। বাতিল বিমান যাত্ৰাত যাত্ৰীসকলৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে। বিমান সংস্থাসমূহে যাত্ৰীসকলক টিকট পুনৰ নিৰ্ধাৰণ বা সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ বিকল্প আগবঢ়াইছে। যাত্ৰীসকলক এছএমএছ আৰু ইমেইলযোগে অৱগত কৰা হৈছে।

বিমানৰ অৱস্থা নিশ্চিত নকৰাকৈ যাত্ৰীসকলক বিমানবন্দৰত উপস্থিত নহ’বলৈ প্ৰশাসনে আহ্বান জনাইছে। ছ’চিয়েল মিডিয়া আৰু হেল্প ডেস্কৰ জৰিয়তে নিয়মিতভাৱে আপডেট প্ৰদান কৰা হৈছে। মধ্যপ্ৰাচ্যৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে আন্তঃৰাষ্ট্ৰীয় পথসমূহত বিঘিনি অব্যাহত থকাৰ সম্ভাৱনা আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande