ধুমুহা–বৰষুণ আৰু ব্ৰজপাতৰ মাজত পুখুৰীৰ পাৰত পেলাই থোৱা অসহায় পৌঢ় মহিলাক উদ্বাৰ কৰি চিকিৎসাৰ ব্যৱস্থা তেজপুৰৰ মানৱ দৰদী যুৱকৰ
শোণিতপুৰ, ১৯ মাৰ্চ (হি.স.)। বতাহ, ধুমুহা, বৰষুণ আৰু ব্ৰজপাতৰ মাজত যোৱা কালি নিশা এটা পুখুৰীৰ পাৰত এগৰাকী অসহায় পৌঢ় মহিলাক উদ্ধাৰ কৰি নিশায়েই তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসাৰ ব্যৱস্থা কৰে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎ
ধুমুহা–বৰষুণ আৰু ব্ৰজপাতৰ মাজত পুখুৰীৰ পাৰত পেলাই থোৱা অসহায় পৌঢ় মহিলাক উদ্বাৰ কৰি চিকিৎসাৰ ব্যৱস্থা তেজপুৰৰ মানৱ দৰদী যুৱকৰ


শোণিতপুৰ, ১৯ মাৰ্চ (হি.স.)। বতাহ, ধুমুহা, বৰষুণ আৰু ব্ৰজপাতৰ মাজত যোৱা কালি নিশা এটা পুখুৰীৰ পাৰত এগৰাকী অসহায় পৌঢ় মহিলাক উদ্ধাৰ কৰি নিশায়েই তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসাৰ ব্যৱস্থা কৰে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী তথা তেজপুৰৰ এগৰাকী মানৱ দৰদী যুৱকে ।

উল্লেখ্য তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি কলিতা গাঁৱৰ পৰা কালি নিশা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী তথা আৰ্ত আৰু দুৰ্গতজনক যিকোনো মুহূৰ্ততে সহায় কৰিবলৈ আগবাঢ়ি অহা বিকাশ নাথলৈ এটি ফোন কল আহে পুখুৰীৰ পাৰত এগৰাকী অসহায় মহিলা পৰি থকাৰ বিষয়ে জনায়। স্থানীয় একাংশ লোকে বিহগুৰি আৰক্ষীক জনোৱাৰ পিছতো উদ্বাৰৰ বাবে আগবাঢ়ি নহাত বিকাশ নাথলৈ ফোন কৰাত বিকাশে এখন এম্বুলেঞ্চ লৈ নিশা প্ৰায় ১০ বজাত সৰ্প বান্ধৱ বাপধন দাসক লগত লৈ বিহগুৰি কলিতা গাঁৱত উপস্থিত হৈ অসহায় মহিলা গৰাকীক উদ্ধাৰ কৰে । কোনো লোকে বস্তাৰে ঢাকি থৈ যোৱা পৌঢ় মহিলা গৰাকীক উদ্ধাৰ কৰি কনকলতা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত শাৰীৰিক নিৰ্যাতনৰ স্পষ্ট প্ৰমাণ থকা মহিলা গৰাকীক চিকিৎসাধীন কৰোৱা হয় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande