
চিৰাং, ১৯ মাৰ্চ (হি.স.): সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফৰ ফালৰ পৰা ২০ নং বিজনী বিধানসভা সমষ্টিত মুছুখা বসুমতাৰীক প্ৰাৰ্থী হিচাবে আগবঢ়োৱাত কালি বিয়লি পুৰাণ বিজনীস্থিত জিলা কাৰ্যালয়ত আদৰণি জনায় প্ৰাৰ্থী গৰিকীক। সমষ্টিটোৰ প্ৰাৰ্থীত্ব লাভ কৰি সভাপতি বদৰুদ্দিন আজমলক ধন্যবাদ জনায় প্ৰাৰ্থী মুছুখা বসুমতাৰীয়ে।
দলীয় কৰ্মীয়ে ভালদৰে কাম কৰিলে জয়ী নিশ্চিত বুলি কয় মুছুখা বসুমতাৰীয়ে। তেওঁ বিজনী বিধানসভা সমষ্টিৰ তিনিটা কাৰ্যকালৰ বিধায়ক কমলসিং নাৰ্জাৰী আৰু বৰ্তমানৰ বিজেপি বিধায়ক অজয় কুমাৰ ৰায়ে সমষ্টিটোৰ বিশেষ একো কাম কৰা নাই বুলি উল্লেখ কৰি পূৰ্বৰ বিধায়ক দুগৰাকীয়ে নিজৰ সম্পত্তিহে গঢ়িছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ জয়ী হলে যুৱ প্ৰজন্মৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে। এই আদৰণি কাৰ্যসূচীত এআইইউডিএফৰ চিৰাং জিলা কমিটিৰ সভাপতি আজাদ আলী, কাৰ্যকৰী সভাপতি জেব্ৰা ৰাম মুছাহাৰী, উপ সভাপতি মৌলানা সহৰ আলী, সাধাৰণ সম্পাদক জাহিনুৰ আলী উপস্থিত থকাৰ লগতে মানাছ ছৰফাং, সবাইঝাৰ আৰু থুৰিবাৰী ব্লেক কমিটিৰ বিষয় ববীয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ