
কলকাতা, ১৯ মাৰ্চ (হি.স.)। পশ্চিম বংগত অহা মাহত অনুষ্ঠিত হ’বলগীয়া দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে এক বৃহৎ প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰিছে, ভাৰতীয় আৰক্ষী সেৱাৰ ১৫জন বিষয়াৰ বাবে ৰাজ্য চৰকাৰে কৰা বিকল্প নিয়োগ বাতিল কৰিছে। আয়োগে এই বিষয়াসকলক আন নিৰ্বাচনমুখী ৰাজ্যসমূহত আৰক্ষী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বুধবাৰে গভীৰ নিশা জাৰি কৰা এক অধিসূচনাযোগে আয়োগে স্পষ্ট কৰি দিয়ে যে যিসকল বিষয়াক পূৰ্বে পদৰ পৰা অপসাৰণ কৰি নিৰ্বাচন সম্পৰ্কীয় দায়িত্বৰ পৰা মুক্ত কৰা হৈছিল তেওঁলোকক ৰাজ্যৰ ভিতৰতে অন্য পদত অধিষ্ঠিত কৰিবলৈ দিয়া নহ’ব।
ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা আই পি এছ বিষয়াসকলৰ ভিতৰত আকাশ মাঘৰীয়া, আলোক ৰাজোৰিয়া, অমনদীপ, অভিজিত বেনাৰ্জী, ভাস্কৰ মুখাৰ্জী, চি সুধাকৰ, ধৃতিমান সৰকাৰ, ইন্দিৰা মুখাৰ্জী, মুৰলীধৰ, মুকেশ, প্ৰবীণ কুমাৰ ত্ৰিপাঠী, প্ৰিয়ব্ৰত ৰায়, সন্দীপ কৰা, ৰছিদ মুনীৰ খান, চৈয়দ ৱাকাৰ ৰাজা।
ইয়াৰে মুৰলীধৰ পূৰ্বে বিধাননগৰ আৰক্ষী আয়ুক্তৰ আৰক্ষী আয়ুক্ত, চৈয়দ ৱাকাৰ ৰাজাক শিলিগুৰি মহানগৰ আৰক্ষীৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।
ৰাজ্যখনৰ বিৰোধী দল বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন আয়োগে নিৰ্বাচন সম্পৰ্কীয় কৰ্তব্যৰ পৰা মুক্ত কৰা বিষয়াসকলক ভোট প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ৰাজ্যৰ বাহিৰলৈ পঠিয়াবলৈ দাবী জনাই আহিছিল যাতে তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়াত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে।
অৱশ্যে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ৰাজ্য চৰকাৰৰ লগত মতামত নোলোৱাকৈ বিষয়া বদলিক লৈ আপত্তি দাঙি ধৰিছিল ৷ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈও এখন পত্ৰ লিখি এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছিল।
পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ২৩ এপ্ৰিলত ১৫২খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৯ এপ্ৰিলত ১৪২খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগৰ এই শেহতীয়া সিদ্ধান্তক নিকা আৰু স্বচ্ছ নিৰ্বাচনী প্ৰক্ৰিয়া সুনিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ