ওদালগুৰি বিধানসভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী দ্বীপেন বড়োৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ
ওদালগুৰি বিধানসভা সমষ্টিত UPPL দলৰ প্ৰাৰ্থী দ্বীপেন বড়োৰ জোৰদাৰ নিৰ্বাচনি প্ৰচাৰ।
ওদালগুৰি বিধানসভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী দ্বীপেন বড়োৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ


ওদালগুৰি, ১৯ মাৰ্চ (হি.স.): ওদালগুৰি বিধানসভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী দ্বীপেন বড়োৱে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে।ওদালগুৰি বিধানসভা সমষ্টিৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সোনাই গাঁৱত যোৱা কালি বুধবাৰে বিয়লি এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ইউপিপিএল দলৰ প্ৰাৰ্থী দ্বীপেন বড়োৱে ।

ওদালগুৰি বিধানসভা সমষ্টিত ১০০ % জয়ী হোৱাৰ দাবী কৰে দ্বীপেন বড়োৱে । ভূটান অৰুণাচলৰ পানী যি দৰে দক্ষিণলৈ বৈ গৈ ব্ৰহ্মপুত্ৰত পৰে থিক সেইদৰে তেওঁ দিশপুৰ গৈ আছে, তেওঁক কোনেও বাধা দি ৰাখিব নোৱাৰে বুলি দৃঢ়তাৰে ব্য়ক্ত কৰে দ্বীপেন বড়োৱে । দ্বীপেন বড়োৱে ৰাইজক ৮ টা গেৰান্টি আৰু ৩৬ টা প্ৰতিশ্ৰুতিও দিয়ে। আনহাতে ৰিহণ দৈমাৰীৰ সমালোচনা কৰি দ্বীপেন বড়োৱে কয় যে ৰিহন দৈমাৰীয়ে বিধানসভাত একো কাম নাই তেওঁ ২০ বছৰ বিধায়ক দুটা কাৰ্যালয় মন্ত্ৰী আছিল কিন্তু ভৈৰৱকুণ্ড অঞ্চলত কোনো উন্নয়ন নহ'ল। ৰিহণ দৈমাৰীৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি ওদালগুৰিৰ ৰাইজে বিচৰা নাই বুলিও দোহাৰে দ্বীপেন বড়োৱে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande