
নগাঁও, ১৯ মাৰ্চ (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি বুধবাৰে বিয়লি এক কৰুণ ঘটনা সংঘটিত হয়। পানীত পৰি কৰুণ মৃত্যু হয় দুই কন্যাৰ । ঈদ পালন কৰিবলৈ আহি দুই কন্যা শিশুৰ লগত ঘটিল কৰুণ ঘটনা । দুয়োগৰাকীৰ নাম ক্ৰমে দিলচাব চুলতানা (১২) আৰু উমে চালমা (৯) ।
দিলচাব চুলতানাই সপ্তম মান শ্ৰেণীত আৰু উমে চালমাই তৃতীয় শ্ৰেণীত পঢ়ি আছিল । চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দিজু বস্তিত পুখুৰীৰ পাৰ বান্ধিবলৈ খান্দি থোৱা দ খাৱৈত পৰি দুই কনমানি ছোৱালীৰ সলিল সমাধি ঘটে । সংকটজনক অৱস্থাত দুয়োটি কন্যাশিশুক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুই কন্যা শিশুৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ