ৰঙাপৰা সমষ্টিত কৃষ্ণ কমল তাঁতীক পুনৰবাৰ প্ৰাৰ্থীত্ব প্ৰদান : উৎফুল্লিত দলীয় সমৰ্থকসকল
শোণিতপুৰ, ১৯ মাৰ্চ (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে আজি বৃহস্পতিবাৰে শাসকীয় বিজেপিৰ ৮৮ জনীয়া প্ৰাৰ্থী তালিকা সদৰি কৰা হয়। এই তালিকাত ৰঙাপৰা সমষ্টিৰ পৰা পুনৰবাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে কৃষ্ণ কমল তাঁতীক । আগন্তুক বিধানসভাৰ ২০২৬ৰ নিৰ্বাচ
ৰঙাপৰা সমষ্টিত কৃষ্ণ কমল তাঁতীক পুনৰবাৰ প্ৰাৰ্থীত্ব প্ৰদান : উৎফুল্লিত দলীয় সমৰ্থকসকল


শোণিতপুৰ, ১৯ মাৰ্চ (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে আজি বৃহস্পতিবাৰে শাসকীয় বিজেপিৰ ৮৮ জনীয়া প্ৰাৰ্থী তালিকা সদৰি কৰা হয়। এই তালিকাত ৰঙাপৰা সমষ্টিৰ পৰা পুনৰবাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে কৃষ্ণ কমল তাঁতীক । আগন্তুক বিধানসভাৰ ২০২৬ৰ নিৰ্বাচনৰ বিজেপি দলৰ টিকট প্ৰাৰ্থীৰ নাম প্ৰকাশ পোৱাৰ পিছতেই বালিপৰাত উৎসৱ মুখৰ পৰিৱেশ। যেন আৱতৰীয়া দীপাৱলী নে বিহু উদযাপন বিজেপি সমৰ্থকৰ।

উল্লেখ্য যে ৰঙাপৰাৰ উন্নয়নৰ শ্লগান লৈ এইবাৰ নিৰ্বাচনত পুনৰ বাৰ অৱৰ্তীৰ্ন হ'ব কৃষ্ণ কমল তাঁতী । বিজেপি দলৰ পুনৰ বাৰ টিকট লাভ কৰাৰ পাছত এতিয়া বিজেপিৰ দলীয় কৰ্মকৰ্তাই ফটকা ফুটাই , বিভিন্ন শ্লোগানেৰে বিজয় উৎসৱ পালন কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে কৃষ্ণ কমল তাঁতীয়ে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে যি বিশ্বাস আৰু আস্থাৰে তেওঁক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে, তাৰ বাবে তেওঁ দলৰ শীৰ্ষ নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সেই বিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব বুলি মন্তব্য কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande