চাপৰৰ ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
চাপৰৰ ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
চাপৰৰ ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা


ধুবুৰী, ১৯ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ বেৰিকেটত খুন্দিয়াই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে বাইকসহ আৰোহী এজন।

আহত আৰোহীজন ফুলচান আলী খেৰডুবিৰ বুলি জানিব গৈছে। স্থানীয় ৰাইজে আহত যুৱকজনক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত বঙাইগাঁও লৈ প্ৰেৰণ কৰা হয়। এফালে কিনকিনীয়া বৰষুণ আনফালে চকুত নলগা তথা নিৰ্মীয়মান বিআইপিএল কোম্পানীৰ বিপদজনক বেৰিকেটৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande