
বিশ্বনাথ, ১৯ মাৰ্চ (হি.স.)। বিশ্বনাথ জিলাৰ চতিয়াত আজি পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে এখন মালভৰ্তি ট্ৰাক।
চতিয়াৰ নাগশংকৰত পুৱাই এই পথ দুৰ্ঘটনা সংঘটিত হয় । চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰিল মালভৰ্তি এখন ট্ৰাক। কথমপি প্ৰাণ ৰক্ষা পৰে চালক হেণ্ডিমেনৰ। গুৱাহাটীৰ পৰা হৰমতিলৈ শীতল পানীয়ৰ বটল কঢ়িয়াই আনিছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনে। উল্লেখ্য যে বিগত এমাহৰ ভিতৰত চতিয়া জামুগুৰিহাটত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু